বিকৃত কৰা হ'ল অসমীয়াৰ স্বাভিমান গামোচাক!  আধা লুঙি আধা গামোচাৰে সম্বৰ্দ্ধনা মন্ত্ৰী ৰণোজ পেগুক।

Ranoj Pegu

এইবাৰ খোদ অসমতে বিকৃত কৰা হ'ল গামোচাক। বিকৃত ৰূপত প্ৰস্তুত কৰা গামোচাৰে সম্বৰ্ধনা শিক্ষামন্ত্ৰী ৰণোজ পেগুক। এবাৰলৈও প্ৰতিবাদ নকৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।

1

বিকৃত গামোচাৰে শিক্ষামন্ত্ৰীক সম্বৰ্ধনা জনালে বাংলা সাহিত্য সভাই। যিসময়ত অসমীয়াৰ স্বাভিমান গামোচাই ভৌগোলিক স্বীকৃতি লাভ কৰিছে ৷  যি গামোচাক কোনো বহিৰাজ্যত কোনেও প্ৰস্তুত কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা আছে ৷ যিসময়ত অসম আৰু অসমীয়াৰ সংস্কৃতিৰ স্বকীয়তাৰ ওপৰত গামোচাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰিছে সেই গামোচাকে বাংলা সাহিত্য সভাই বিকৃত ৰূপত প্ৰস্তত কৰিছে ৷   যোৱা কালি বাংলা সাহিত্য সভাই গামোচাখন আধা গামোচা আধা লুঙি বনাই ৰণোজ পেগুক মালিগাঁও হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত বাংলা সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক সন্মিলনত সম্বৰ্ধনা জনাইছিল।

Category