শিৱসাগৰ পালেহি 'ভাৰত গৌৰৱ'..ঢোলৰ চেও, পেঁপাৰ মাত শুনি ৰ'বই নোৱাৰিলে পৰ্যটক সকল

Bharat Gaurav

৮০ গৰাকী  পৰ্যটকক লৈ দেওবাৰে পুৱা শিৱসাগৰ ষ্টেচনত উপস্থিত হয়হি " ভাৰত গৌৰৱ। যোৱা ২১ মাৰ্চত দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল" ভাৰত গৌৰৱে। শিৱসাগৰ ষ্টেচনত উপস্থিত হোৱাৰ লগে-লগে উষ্ম আদৰণি জনোৱা হয়" ভাৰত গৌৰৱ " ত অহা ৮০ গৰাকী দেশী বিদেশী পৰ্যটকক ।  প্ৰদৰ্শন কৰা হয় হুঁচৰি। হুঁচৰি উপভোগ কৰি  স্বাভাবিকতে আনন্দত আত্মহাৰা হৈ পৰে পৰ্যটক সকল। ঢোলৰ চেও, পেঁপাৰ মাত শুনি ৰ'বই নোৱাৰিলে পৰ্যটক সকল। অসমীয়া নাচনীৰ সমানে সমানে কঁকাল ঘূৰাই নাচিলে পৰ্যটক সকলে। উল্লেখ্য যে "ভাৰত গৌৰৱ " ৰ ১৫ দিনীয়া যাত্ৰাৰ ইতিমধ্যে ছয়  দিনত ভৰি দিছে।
 

Category