প্ৰদান কৰা হ'ল অসমৰ সবোৰ্চচ অসামৰিক সন্মান, চাওক বিশেষ ফটো

Award

কলাক্ষেত্ৰত প্ৰদান কৰা হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বঁটা প্ৰদান। বঁটা প্ৰদান কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

1

এইবৰ্ষৰ অসম বৈভৱ বঁটা প্ৰদান ডাঃ তপন শইকীয়ালৈ। বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়া। চিকিৎসা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান।

2

ৰাজ্যৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম সৌৰভ বঁটা। ভ্ৰাম্যমাণৰ বিশিষ্ট শিল্পী কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা। ফুটবলাৰ গিলবাৰ্টছন চাংমাইলৈও অসম সৌৰভ। কমনৱেলথ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ অসম সৌৰভ। অসম সৌৰভ বিজ্ঞানী বিনয় কুমাৰ শইকীয়ালৈও। বিশিষ্ট চিকিৎসক শশীধৰ ফুকনলৈও অসম সৌৰভ বঁটা। ৰাজ্যৰ ১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম গৌৰৱ বঁটা। অসম গৌৰৱ বঁটাপ্ৰাপক ক্ৰমে শ্মশানবন্ধু ধৃতিমালা ডেকা, পশুপালক দেৱজিৎ বৰ্মন, টুৰিষ্ট গাইড ৰুষ্টম বসুমতাৰী, মাঞ্জেলালৈ অসম গৌৰৱ, প্ৰকৃতিবিদ বিনন্দ হাতীবৰুৱা, উদ্যোগী কল্যাণী ৰাজবংশী, আশাকৰ্মী শিলা গোৱালা, মীন পশুপালক পংকজলাল গগৈ , কৃষক সৰ্বেশ্বৰ বসুমতাৰী, যোগেশ দেউৰী, মাংথাং মাৰলৈ, ডেফ’ডিল কলেজৰ ফাউণ্ডাৰ ধ্ৰুৱজ্যোতি শৰ্মা, মুখাশিল্পী দয়াল গোস্বামী, সমাজকৰ্মী ইফতিকাৰ আহমেদ, সমাজকৰ্মী অতুল চন্দ্ৰ বৰুৱালৈ অসম গৌৰৱ বঁটা

Category