কিছুমান গীত সদায়েই বিশেষ! ৰোমান্টিক হিৰ' ইমৰান হাচমিৰ জন্মদিনত ঘূৰি চাও আহক তেখেতৰ অভিনীত কিছুমান ৰোমান্টিক গীত

Emraan Hasmi

আজি বলীউডৰ চৰ্চিত অভিনেতা ইমৰান হাচমীৰ জন্মদিন। ৪৪ বছৰ সম্পূৰ্ণ কৰিলে অভিনেতাজনে। ৰোমান্টিক হিৰ' হিচাপে জনাজাত ইমৰান হাচমীৰ প্ৰতিটো গানেই মানুহক ৰোমান্টিক কৰি পেলাইছিল। বিশেষকৈ তেখেতে অভিনয় কৰা প্ৰতিটো গীতেই দৰ্শকৰ বিশেষকৈ যুৱপ্ৰজন্মৰ হৃদয় চুই গৈছিল। ৰোমান্টিক থ্ৰিলাৰ ছবি 'মাৰ্ডাৰ, জন্নত, ৰাজ, হামাৰি অধুৰি কাহানি, ক্ৰক, গেংষ্টাৰ, ৱানচ আপন এ টাইম ইন মুম্বাই' ইত্যাদি ছবিৰ জৰিয়তে দশৰ্কৰ মন জয় কৰিছিল। হাচমি অভিনীত কিছুমান গীত জানো আহক যিবোৰ শুনি আমি এতিয়াও নষ্টালজিক হৈ পৰো -

১) আশিক বানায়া আপনে' - 'আশিক বানায়া আপনে' দৰ্শকৰ দ্বাৰা গোটেই বছৰধৰি উপভোগ কৰা হয়। ইমৰান হাচমি অভিনীত গানটোত  হিমেশ ৰেশমিয়াই কণ্যদান কৰিছিল। এই আইকনিক গানটো আমাৰ হৃদয়ত এক বিশেষ স্থান আছে।
২)  ৱো লামহে ৱো বাতেন- 'ৱো লামহে ৱন বাটেইন' গানটো ২০ ৰ দশকৰ ছুপাৰ হিট গানবোৰৰ ভিতৰত এটা। গানটো 'জেহেৰ' ছবিখনৰ আছিল। য'ত ইমৰান হাছমী, শমিতা চেট্টী আৰু উদিতা গোস্বামীয়ে অভিনয় কৰিছিল। 
৩) তু হি মেৰি শাব হে- 'তু হি মেৰী চাব হে' গীতটিত ইমৰান আৰু কংগনা ৰাণাৱটে অভিনয় কৰিছিল । গীতটি প্ৰীতমৰ দ্বাৰা ৰচিত প্ৰয়াত কণ্ঠশিল্পী কেকে-য়ে গাইছিল, আৰু এই গীতটি অনুৰাগ বসুৰ ৰোমাণ্টিক থ্ৰিলাৰ 'গেংষ্টাৰ: এ লাভ ষ্ট'ৰী'ৰ আছিল। এতিয়াও দশৰ্কৰ মনত সজীৱ হৈ আছে গীতটি।
৪)  হাল-ই-দিল- হৰ্ষিত চাক্সেনাৰ দ্বাৰা গোৱা, 'হাল-ই-দিল' হৈছে ২০১১ চনৰ 'মাৰ্ডাৰ ২' চলচ্চিত্ৰৰ এক অবিস্মৰণীয় সংগীত। যিটো দৰ্শকে গোটেই বছৰ ধৰি শুনি আহিছে। গীতটি  লিখিছিল মিথুনে।
৫)তুঝ কৌ জৌ পায়া- ক্ৰক ছবি খনৰ এই গীতটি যুৱপ্ৰজন্মৰ বাবে সদায় স্মৰণীয় হৈ ৰব। গীতটিত ইমৰান আৰু নেহা শৰ্মাই অভিনয় কৰিছে।
৬) জাৰা চা দিল মে জাগা তু- জন্নত ছবি খনৰ এই গীতটিয়ে প্ৰেমত পেলাবলৈ যেন বাধ্য কৰাই সকলোকে! বিশেষকৈ গীতটিৰ এটা নিৰ্দিষ্ট দৃশ্যই আপোনাকো কৰি যাব ৰোমান্টিক। য'ত ৰাজপথৰ মাজত  নায়িকা গৰাকীক আঠুকাঢ়ি প্ৰেমৰ প্ৰস্তাৱ দিয়ে নায়ক ইমৰানে। 
৭) 'পি লু'- বানচ আপন এ টাইম ইন মুম্বাইৰ এই ৰোমান্টিক গীতটি সকলোৰে প্ৰিয়।
৮) মে ৰাহুঁ য়া না ৰাহুঁ - ইমৰান আৰু ইষা গুপ্তাৰ সৈতে 'মে ৰাহুঁ য়া না ৰাহুঁ' গানটো অৰমান মালিকে কন্ঠদান কৰিছে আৰু অমল মালিকে ৰচনা কৰিছে। 

Category
Profile picture for user UB Photos