জনপ্ৰিয় কণ্ঠশিল্পী আতিফ আসলামৰ পৰিয়াললৈ আহিল নতুন সদস্য। কন্যা সন্তানৰ পিতৃ হ'ল কণ্ঠশিল্পী গৰাকী। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কন্যাৰ ফটো। নামকৰণো কৰিলে কন্যাটিৰ। কণ্ঠশিল্পী গৰাকীয়ে লিখিছে -'অৱশেষত অপেক্ষাৰ অন্ত পৰিল। মোৰ হৃদয়ৰ নতুন ৰাণী আহিছে। কণমানিটি আৰু ছাৰাহ দুয়োভালে আছে আলহামদুলিলাহ। অনুগ্ৰহ কৰি আপোনাৰ প্ৰাৰ্থনাত আমাক মনত ৰাখিব। হালিমা আতিফ আছলামৰ তৰফৰ পৰা ৰমজান মুবাৰক, 23/03/2023"। কণ্ঠশিল্পী গৰাকীক শুভেচ্ছা যাচিছে তেখেতৰ অনুৰাগী সকলে।
Category
- Log in to post comments