ডিব্ৰুগড়লৈ পুনৰ অনা হ’ল ৫টাকৈ খালিস্তানী সদস্য।বিশেষ বিমানেৰে লৈ অনা হৈছে ডিব্ৰুগড়লৈ। আটাইকে ৰখা হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত। ডিব্ৰুগড়ত বৃদ্ধি পাইছে কটকটীয়া নিৰাপত্তা। ইতিমধ্যে লৈ অনা হৈছে অমৃত পালৰ খুড়াক হৰজিৎ সিঙক। আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা কাৰাবন্দীকেইজনক। ৩ মাহৰ বাবে ১১ খালিস্তানীক ডিব্ৰুগড়ত ৰখাৰ সম্ভাৱনা। কেন্দ্ৰীয় কাৰাগাৰত সংস্থাপন অতিৰিক্ত CCTV কেমেৰা। IGPৰ নিৰ্দেশত মূল প্ৰৱেশদ্বাৰত সংস্থাপন মেটেল ডিটেক্টৰ।
Category
- Log in to post comments