২০২৬ চনৰ ভিতৰত অসমত বন্ধ হ’ব বাল্য বিবাহ। বিধানসভাত মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
২০০৬ চনৰ বাল্য বিবাহ প্ৰতিৰোধী আইনমতে কিয় ইমান দিনে কাম কৰা নাছিল, POCSO আইন কিয় লগাইছে বুলি সদনত প্ৰশ্ন উত্থাপন কৰে কমলাক্ষ দে পুৰকায়স্থই। বিধায়কজনৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘CDPO সকল নিযুক্তি দিয়া হৈ আছে৷ POCSO আইনত লিখা আছে ১৬ৰ বছৰৰ তলৰ ছোৱালীক হাত দিব নোৱাৰে৷ স্বামীও নাবাচে৷ ১৪ বছৰ জে’ল হ’ব৷’’
ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-‘POSCO গোচৰ সন্দৰ্ভত হাই ক’ৰ্টে আমাক কোনো সমালোচনা কৰা নাই। বাল্য বিবাহ সন্দৰ্ভত ৯০ শতাংশই শাস্তি পাব। ২০২৬ৰ ভিতৰত বাল্যবিবাহ আমি বন্ধ কৰিম। ২০০ কোটি টকা বাজেটত ধাৰ্য কৰিম। প্ৰতিটো বাল্যবিবাহ গোচৰত আমি অধিবক্তা দিম। প্ৰতি তিনি মাহৰ মূৰে মূৰে অভিযান চলাম। বাল্যবিবাহ বন্ধ কৰিম। স্কুলৰ একে বেঞ্চত বহা ছোৱালী এজনী জনী হঠাৎ নহা হ’লে যদি গম পাই যে তাইক বিয়া দিয়া হৈছে গোপনে, লগৰ ছোৱালীয়ে আমাক ফোন কৰি জনাব পাৰিব।‘
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গেজুৱেট কৰে আৰু চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে।‘
- Log in to post comments