পুনৰ মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন। পাঞ্জাবাৰীৰ নিৰ্মান নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত যুৱকজন মঙলদৈৰ অক্ষয় কুমাৰ বৰা। যোৱা ১১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে নিচামুক্তি কেন্দ্ৰত থৈ গৈছিল যুৱকজনক। প্ৰায়ে পৰিয়ালে কেন্দ্ৰটোত যোগাযোগ কৰোতে ভালে থকা বুলি কৈ আহিছিল কেন্দ্ৰটোৰ বিষয় ববীয়াই। কিন্তু আজি হঠাৎ যুৱকজনে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক জনাই কেন্দ্ৰটোৰ বিষয়ববীয়াই। কেন্দ্ৰটোৰ লোকে যুৱকজনক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
Category
- Log in to post comments