ৰন্ধনৰ ক্ষেত্ৰত এটা অপৰিহাৰ্য উপাদান হ’ল জলকীয়া। সাধাৰণতে কেঁচা জলকীয়াত বিটা-কেৰোটিন, এন্টি-অক্সিডেন্ট, এণ্ডোৰফিনেৰ দৰে উপকাৰী পুষ্টি গুণ থাকে। লগতে জলকীয়াই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, কেন্সাৰ নিৰাময় উপাদান আৰু মানসিক অৱসাদ কমোৱাত শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কেঁচা জলকীয়াত থকা উপাদানে ৰক্তৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। সেইদৰে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষভাৱে উপকাৰী কেঁচা জলকীয়া।
হৃদযন্ত্ৰ ভালে ৰাখে কেঁচা জলকীয়াই। গৱেষণাৰ দ্বাৰা জনা গৈছে যে হাৰ্ট এটেকত মৃত্যুৰ হাৰ ৪০ শতাংশ কমাই দিয়ে সপ্তাহত চাৰিবাৰ কেঁচা জলকীয়া খালে। ইটালিয়ান একাডেমিৰ গৱেষক দল এটিয়ে এই বিষয়টোক লৈ আঠবছৰ ধৰি দীঘলীয়া গৱেষণা চলায়। প্ৰায় ২৩ হাজাৰ মানুহৰ খাদ্যৰ তথ্য নিয়মিত সংগ্ৰহ কৰি গৱেষক দলটোৱে এই কথা স্থিৰ কৰিছে যে সপ্তাহত যি চাৰিবাৰ কেঁচা জলকীয়া খাই তেওঁলোকৰ অকাল মৃত্যু আৰু হাৰ্ট এটেকৰ হাৰ আনৰ তুলনাত ৪০ শতাংশ কম আছিল। আনহাতে শুকান জলকীয়াত আছে ভিটামিন-এ, যি দৃষ্টিশক্তি উন্নত কৰে।
- Log in to post comments