বঁটা বিতৰ্কক লৈ অসমবাসীৰ ওচৰত ক্ষমা খুজিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব’ৰ্ডে। জুৰী ব’ৰ্ডৰ হৈ সদস্য তথা পৰিচালক চন্দ্ৰ মুদৈয়ে কয়, ‘‘ভুলটো হ’ব নালাগিছিল। অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা। এই বঁটাটো নাহিদ আফ্ৰিনেই পাব লাগিছিল।আচলতে গানৰ নামটো লিখোতে ভুল হৈ গ’ল।’’
উল্লেখ্য যে ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ শীৰ্ষক গীতটোৰ বাবে নাহিদ আফ্ৰিনক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। কিন্তু ‘নীলাতে লুকা–ভাকু’ গীতটোত কণ্ঠদান কৰা নাছিল নাহিদে। এই গীতটোত কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱীয়ে। নাহিদে ছবিখনৰ অন্য এটি গীততহে কণ্ঠদান কৰিছিল।সেয়ে নোগোৱা গীতটিৰ বাবে কেনেকৈ বঁটা পালে তাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। এতিয়া জুৰী ব’ৰ্ডৰ স্পষ্টীকৰণত অসমবাসীৰ কি প্ৰতিক্ৰিয়া হ’ব সেয়া হ’ব লক্ষণীয়।
- Log in to post comments