‘মোক বচোৱা’!! এয়াই আছিল প্ৰয়াত অভিনেতা-পৰিচালক সতীশ কৌশিকৰ শেষ শব্দ !!!

Satish Kaushik

৯ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰতিভাশালী অভিনেতা আৰু পৰিচালক সতীশ কৌশিকে। প্ৰয়াত অভিনেতা সতীশ কোশিক হৃদৰোগত আক্ৰান্ত হৈছিল। শেহতীয়াকৈ অভিনেতাজনৰ মেনেজাৰ সন্তোষে তেওঁৰ মৃত্যুৰ আগৰ শেষ কথাবোৰ প্ৰকাশ কৰিছে।

সতীশ কৌশিকৰ মেনেজাৰ সন্তোষে মৃত্যুৰ সময়ত অভিনেতাজনৰ সৈতে আছিল বুলি প্ৰকাশ কৰি কয়, "পুৱা ১২:০৫ বজাত তেওঁ মোৰ নামটো অতি জোৰেৰে মাতিবলৈ আৰম্ভ কৰিছিল। মই দৌৰি আহি তেওঁক সুধিলো, "কি হ', ছাৰ? আপুনি কিয় চিঞৰি আছে ? তাৰ সলনি আপুনি মোক ফোন কৰা নাছিল কিয়?" তেওঁ মোক কৈছিল, "শুনা, মোৰ উশাহ লোৱাত অসুবিধা হৈছে। মোক এজন চিকিৎসকৰ ওচৰলৈ লৈ যোৱা।"

সন্তোষে আগলৈ কৈছিল, "আমি অলপ আগবাঢ়ি যোৱাৰ লগে লগে তেওঁৰ বুকুৰ বিষ বাঢ়ি গৈছিল আৰু তেওঁ কৈছিল, "সোনকালে বলা।" তাৰ পিছত, তেওঁ মোৰ কান্ধত মূৰ টো ৰাখি ক'লে, " সন্তোষ, মই মৰিব নিবিচাৰো, মোক বচোৱা। আমি আঠ মিনিটৰ ভিতৰত চিকিৎসালয়ত (ফৰ্টিছ হস্পিতাল) উপস্থিত হৈছিলোঁ কিয়নো ৰাস্তাটো হোলীৰ বাবে খালী আছিল, কিন্তু আমি চৌহদত প্ৰৱেশ কৰাৰ সময়ত, তেওঁ অজ্ঞান হৈ পৰিছিল।"

এয়াই আছিল প্ৰয়াত অভিনেতা পৰিচালক সতীশ কৌশিকৰ শেষ কথা।

Category
Profile picture for user UB Photos