বিতৰ্কৰ আৱৰ্তত কণ্ঠশিল্পী নাহিদ আফ্ৰিন! অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ। সোমবাৰে ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত নাহিদক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। কিন্তু তাক লৈ এতিয়া সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।
‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ গীতটোৰ বাবে নাহিদলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। কিন্তু অভিযোগ অনুসৰি, ‘নীলাতে লুকা–ভাকু’ গীতটোত কণ্ঠদান কৰাই নাছিল নাহিদ আফ্ৰিনে। গীতটোৰ কণ্ঠশিল্পী আছিল ৰূপজ্যোতি দেৱীহে।
যতীন শৰ্মাৰ সংগীত আৰু ৰাজদ্বীপৰ কথাৰে অতি জনপ্ৰিয় গীতটো গাইছে জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে। যাক লৈ এতিয়া ছচিয়েল মিডিয়াত বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
উল্লেখ্য গীতটোৰ বিষয়ে অৱগত হৈয়ো নাহিদ আফ্ৰিনে গ্ৰহণ কৰিলে এই বঁটা। কিহৰ ভিত্তিত নাহিদক নোগোৱা গান এটাত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী হিচাপে বিবেচিত কৰা হ’ল তাক লৈও একাংশই উত্থাপন কৰিছে প্ৰশ্ন।
- Log in to post comments