হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ ৰাজ্যজুৰি তোলপাৰৰ সৃষ্টিৰ সময়ত কাছাৰৰ এটা পৰীক্ষাকেন্দ্ৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ এটা ভিডিঅ’ই এতিয়া পুনৰ সৃষ্টি কৰিছে বিতৰ্কৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ Advance Language পৰীক্ষাৰ দিনাৰ কাছাৰ জিলাৰ বাশকান্দি নেনা মিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত নিজ কন্যাক প্ৰশ্নোত্তৰ লিখি দিছিল কৰ্তব্যৰত এজন শিক্ষকে । সোমবাৰে অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিকৰ Advance Language পৰীক্ষা। পৰীক্ষা কেন্দ্ৰটোৰ “সিক ৰোমত” কৰ্তব্যৰত শিক্ষক গৰাকীয়ে নিজ কন্যাক লিখি দিছিল উত্তৰ৷শিক্ষকজন হৈছে আনোয়াৰুল হক বৰভূঞা।
বৰ্তমান ভিডিঅ’টো ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে সৃষ্টি হৈছে বহু প্ৰতিক্ৰিয়াৰ।
- Log in to post comments