নিকুমণিৰ মুখত বিৰিঙিল হাঁহি! শিলসাকোৰ উচ্ছেদিত নিকুমণিয়ে পালে স্থায়ী ঠিকনা

USTM

শিলসাকোৰ উচ্ছেদৰ সময়ত ভাইৰেল হৈ পৰিছিল এটি কণমানিৰ ভিডিঅদুয়ো হাতত কাপোৰৰ দুটা টোপোলা লৈ এজন লোকৰ আগত কণমানি নিকুমণিয়ে কৈছিল – ‘আংকল, আৰু অলপ সময় আহিব নিদিবাচোন, আমাৰ ঘৰ খালী কৰা হোৱাই নাই, ১০ মিনিটমান পিছত হৈ যাবতীব্ৰ গতিত ভাইৰেল হৈ পৰিছিল নিকুৰ এই ভিডিঅ। ভিডিঅটি দেখাৰ পিছতে বহুলোকে সহায়ৰ হাত আগবঢ়াইছিল নিকুক। নিকুমণি আৰু তেওঁৰ পৰিয়ালক আশ্ৰয় দিয়াৰ কথা ঘোষণা কৰিছিল USTMৰ সঞ্চালক মহবুল হকে।

এতিয়া উচ্ছেদিত নিকুমণিয়ে পালে স্থায়ী ঠিকনা। USTM কৰ্তৃপক্ষই নিকুমণি আৰু পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে বাসস্থান। লগতে নিকুমণিৰ পঢ়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিব মহবুল হকে।
নতুন বাসস্থান লাভ কৰি এতিয়া আনন্দিত নিকুমণি আৰু পৰিয়াল।

 

Category