সাৱধান! গাহৰি আৰু ব্ৰইলাৰ মাংস নাখাব! চৰকাৰে জাৰি কৰিছে নিষেধাজ্ঞা

Chicken

ছোৱাইন ফিভাৰৰ পৰা অসমবাসীক ৰক্ষা কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। ৰাজ্যত বন্ধ কৰি দিয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা মুৰ্গী আৰু গাহৰি। ভিন্ন ৰাজ্যৰ পৰা চাহিদা পুৰাবলৈ অসমলৈ প্ৰায় ৬০ শতাংশ গাহৰিৰ আমদানি হয় যদিও এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কঠোৰ হৈছে ব্ৰয়লাৰৰ আমদানিক লৈও। ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মন্ত্ৰী বৰাই কয় যে গাহৰিৰ আমদানি বন্ধৰ বাবে ১০মাৰ্চত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ইনফ্লুয়েঞ্জাৰ বাবে যাতে ৰাজ্যৰ কৃষক ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে বাহিৰৰ পৰা গাহৰি আৰু ব্ৰয়লাৰ অনা নিষেধ কৰা হৈছে। শেহতীয়াকৈ পঞ্জাৱ-হাৰিয়ানা আদি ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ।

অসমত উৎপাদন হোৱা গাহৰি আৰু মুৰ্গী খোৱাত বাধা ৰোপ কৰা হোৱা নাই। অসমত উৎপাদিত গাহৰি আৰু ব্ৰয়লাৰ ৰাইজে বিনাদ্বিধাই খাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

Category