ঘোষণা কৰা হ’ল ৰাজ্যিক চলচ্চিত্ৰ বঁটা! চাও আহক কোন কোন শিল্পী-কলাকৌশলীয়ে লাভ কৰিলে এই বঁটা।

Award Show

অসমৰ চলচ্চিত্র জগতৰ সৈতে জড়িত শিল্পী-কলাকশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিগত বছৰসমূহত ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি আহিছে। মাজ দুটা বছৰত কভিড বাবে এই মহোৎস আয়োজন বিঘ্নিত হ'ল যদিও এইবছ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন)নিগমৰ সহযোগত অহা ১৩ মার্চ ২০২৩ তাৰিখে গুৱাহাটীৰ শ্রীমন্ত শংকৰদে কলাক্ষেত্র শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানত ২০১৮ আৰু ২০১৯ দুয়োটা বছৰৰ বাবে পৃথককৈ বঁটা প্ৰদান কৰা হব। ২০১৮ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত আৰু ২০১৯ চন পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত নিৰ্মিত অসমীয়া কথাছবি, তথ্য চিত্ৰ আৰু চুটি ছবি বাবে মুঠ ৪০ টা শিতানত বঁটা বিজয়ী শিল্পী, কলাকুশলী সকলৰ লগতে পবিত্র কুমাৰ ডেকাৰ সোঁৱৰণত শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান কৰা হ'ব। উল্লেখ্য যে ২০১৮ চনৰ বাবে মুঠ বাৰ খন চলচ্চিত্র, আঠ খন চুটি ছবি, পাঁচ খন তথ্যচিত্র তথা ২০১৯ চনৰ বাবে মুঠ ওঠ খন চলচ্চিত্র, তিনি খন চুটি ছবি আৰু তিনি খন তথ্যচিত্ৰৰ বাবে আৱেদন লাভ কৰা হৈছিল। আনহাতে পবিত্র কুমাৰ ডেকাৰ সোঁৱৰণত সমালোচকৰ বাজ্যিক চলচ্চিত্র বঁটাৰ বাবে ২০১৮ চনত সাত গৰাকী (প্ৰৱন্ধ বাবে) আৰু ২০১৯ চনত তিনি গৰাকী (গ্ৰন্থৰ বাবে)তথা পাঁচ গৰাকীয়ে (প্ৰৱন্ধৰ বাবে) আৱেদন দাখিল কৰিছিল।

২০‍১৮ বৰ্ষৰ বঁটা প্ৰাপকসকল হৈছে-

 

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা 'বুলবুল কেন ছিং'

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা-- ৰীমা দাস

শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা--খঞ্জন কিশোৰ নাথ

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা-- মঞ্জুল বৰুৱা‍

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ নলীন দুৱৰা বঁটা-- অৰূপ মান্না

শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা--হিউৱেন বৰুৱা

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা-- অনুৰাগ শইকীয়া

শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা বঁটা-- উৎকল হাজোৱাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা--অমৃতা গগৈ,জাহানাৰা বেগম

শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন বঁটা---মনোৰঞ্জন দাস

শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী বঁটা--- আৰ্ণালী দাস

শ্ৰেষ্ঠ ছবি সমালোচকৰ মুনিন বৰুৱা বঁটা

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বিজয় শংকৰ বঁটা-- ৰক্তবীজ

শ্ৰেষ্ঠ খলনায়কৰ তচদ্দুক ইউছুফ বঁটা--- বাহাৰুল ইছলাম

শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ মোৱাজ্জিন আলী বঁটা--- ফিউলা বৰগয়াৰী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা-- ইবচনলাল বৰুৱা

শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা--- নাহিদ আফ্ৰিন

শ্ৰেষ্ঠ গীতিকাৰৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা-- বিতোপন নেওগ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰিৰ বিশেষ বঁটা--- আমৃত্যু

শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ গজেন বৰুৱা বঁটা-- দীপক দে'

শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ পীযুষকান্তি ৰয় বঁটা-- অমৃত প্ৰীতম,দেৱজিৎ চাংমাই

শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ যুগল দাস বঁটা-- বিকুল বড়ো

শ্ৰেষ্ঠ ৰূপ-সজ্জাৰ বংশী দাস বঁটা--- হৰ্ষিতা বৰুৱা

শ্ৰেষ্ঠ সাজ-সজ্জাৰ প্ৰদীপ দাস বঁটা --- জিৰিণা বসুমতাৰী

শ্ৰেষ্ঠ সহ-অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা--- সঞ্জয় খাৰঘৰীয়া

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইভা আচাও বঁটা--- পুনম গুৰুং

শ্ৰেষ্ঠ শিশু-শিল্পীৰ মাষ্টাৰ সিদ্ধাৰ্থ বঁটা-- ওম কাশ্যপ,গুঞ্জন শইকীয়া

 

২০‍১৯ বৰ্ষৰ বঁটা প্ৰাপকসকল হৈছে-

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা 'জোনাকী পৰুৱা'

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা-- ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা--অনুপম কৌশিক বৰুৱা

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা-- ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ নলীন দুৱৰা বঁটা-- প্ৰদীপ দৈমাৰী

শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা--প্ৰতীম খাউণ্ড

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা-- তৰালি শৰ্মা, কুইন বে'

শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা বঁটা-- বেঞ্জামিন দৈমাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা--লীমা দাস

শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন বঁটা---জিতুমণি কলিতা

শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী বঁটা---ড'ৰথী ভৰদ্বাজ

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বিজয় শংকৰ বঁটা-- ৰত্নাকৰ

শ্ৰেষ্ঠ খলনায়কৰ তচদ্দুক ইউছুফ বঁটা--- পদ্মৰাগ গোস্বামী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা-- জুবিন গাৰ্গ

শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা---অনন্যা দত্ত

শ্ৰেষ্ঠ গীতিকাৰৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা-- ৰাজদ্বীপ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰিৰ বিশেষ বঁটা---চন্দ্ৰ মুদৈ,ৰজনী বসুমতাৰী

শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ গজেন বৰুৱা বঁটা-- দীপক দে'

শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ পীযুষকান্তি ৰয় বঁটা-- গৌতম নায়াৰ,দেৱজিৎ গায়ন,অজয় কেভি পিভি

শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ যুগল দাস বঁটা-- জ্যোতিশংকৰ ভট্টাচাৰ্য,নৱনীতা শৰ্মা বৰা

শ্ৰেষ্ঠ ৰূপ-সজ্জাৰ বংশী দাস বঁটা--- বিশ্বজিৎ কলিতা

শ্ৰেষ্ঠ সাজ-সজ্জাৰ প্ৰদীপ দাস বঁটা --- প্ৰকাশ ডেকা

শ্ৰেষ্ঠ সহ-অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা---অমৃত কুমাৰ বৰা

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইভা আচাও বঁটা---প্ৰতিভা চৌধুৰী

শ্ৰেষ্ঠ শিশু-শিল্পীৰ মাষ্টাৰ সিদ্ধাৰ্থ বঁটা-- আশ্ৰমিকা শইকীয়া

Category