অসমবাসীৰবাবে ভাল খবৰ! অসম চৰকাৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ। বিশ্ব দৰবাৰত জিলিকিল মহাবীৰ লাচিত বৰফুকন।

HBS

বিশ্ব দৰবাৰত জিলিকিল মহাবীৰ লাচিত বৰফুকন। অসম চৰকাৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ। আজি জনতা ভৱনত অনুষ্ঠিত হয় প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে অনুষ্ঠানত

1

উল্লেখ্য, বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীত সৰ্বাধিক হাতেলিখা টোকাৰ অনলাইন ফটো এলবামৰ বাবে এই অভিলেখৰ গৰাকী হয় ৰাজ্য চৰকাৰ।লাচিত বৰফুকনৰ জয়ন্তীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত ৪২ লাখ ৯৪ হাজাৰ ৩৫০খন ৰচনাৰ ফটো আপলোড কৰা হৈছিল।উল্লেখ্য এই ৰচনা অসমীয়া ভাষাত লিখা হৈছিল ৩৫ লাখ ৯০ হাজাৰ ৯১৮ খন, ইংৰাজীত লিখা হৈছিল ৪ লাখ ৫ হাজাৰ ৬১৭ খন, বাংলা ভাষাত ২ লাখ ৪৭ হাজাৰ ৭৩৩ খন, বড়ো ভাষাত ১ লাখ ২০ হাজাৰ ৪১৭ খন আৰু হিন্দীত লিখা হৈছিল ৩২ হাজাৰ ৪৬৩ খন।

 

Category
Profile picture for user UB Photos