স্বামী, শাহুক হত্যা কৰি পাষাণ বন্দনাই পাপ মোচনৰ বাবে পাতিছিল সত্যনাৰায়ণ পূজা!

Murder

দেশ কঁপাইছে গুৱাহাটীৰ এক নৃশংস হত্যাকাণ্ডই! অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি পত্নী বন্দনা কলিতাই হত্যা কৰিলে স্বামী আৰু শাহুক। বন্দনাই চানমাৰিৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱকজনৰ সহযোগত শাহুৱেক শংকৰী দে'ক মুখত সোপা দি হত্যা কৰিছিল আৰু মৃতদেহটো টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত তিনিদিন ভৰাই ৰাখিছিল। তাৰ তিনিদিন পাছত বন্দনাই নাৰেংগীৰ নিজৰ বাসভৱনত অবৈধ প্ৰেমিক ধনজিৎ ডেকাৰ সহযোগত ডিঙি চেপি হত্যা কৰিছিল স্বামী অমৰজ্যোতিক। হত্যা কৰি স্বামীৰ মৃতদেহ পলিথিনত ভৰাই থয়। 

এই লোমহৰ্ষক হত্যাকাণ্ডৰ পিছত দুয়োটা মৃতদেহ ধনজিৎ ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়। ডাউকীত তিনি হত্যাকাৰীয়ে মিলি মৃতদেহৰ টুকুৰা পথৰ দাঁতিৰ খাৱৈত পেলাই দিয়ে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ধনজিৎ ডেকাক তিনিচুকীয়াৰ পৰা আৰু ধনজিতৰ বন্ধু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে।

জানিব পৰা অনুসৰি স্বামী,শাহুক হত্যা কৰি পাপ মোচনৰ বাবে ঘৰত সত্যনাৰায়ণ পূজা পাতিছিল পাষাণ বন্দনাই।

Category