সামান্য কাজিয়াৰ ভয়ংকৰ পৰিণতি! টেম্পুচালকে হত্যা কৰিলে ই-ৰিক্সা চালকক

Murder

শিৱৰাত্ৰিৰ দিনা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গল সমগ্ৰ গুৱাহাটী মহানগৰীক। শিৱৰাত্ৰিৰ নিশা মহানগৰীৰ ওদালবাক্ৰাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ বিৰাজ কৰিছে। ই-ৰিক্সা আৰু টেম্প চালকৰ মাজত হোৱা সাধাৰণ মাৰপিটৰ ঘটনাই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে।

ইয়াৰ পৰিণতিস্বৰূপে এজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, নৱ ৰয় নামৰ টেম্প চালকজনে মহম্মদ ৰহিজুদ্দিন নামৰ ই-ৰিক্সা চালকজনক নৃশংসতাৰে হত্যা কৰে।উল্লেখ্য যে, টেম্প চালক নৱ ৰয়ে ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনক শিলেৰে উপৰ্যুপৰি প্ৰহাৰ কৰাত লোকজনৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে নিশা টেম্প চালক নৱ ৰয়ক গ্ৰেপ্তাৰ কৰে।

 

Category