এইবাৰ গৰ্ভধাৰণ কৰিলে পুৰুষে! মাৰ্চ মাহত জন্ম দিব সন্তান

Transgender

 

এটা ব্যতিক্ৰমী দম্পতী। এই দম্পতী কোনো পুৰুষ বা মহিলাৰ দম্পতী নহয়। এহাল কিন্নৰৰ দম্পতী এইয়া। এই তৃতীয় লিংগৰ দম্পতীটো হৈছে কেৰালাৰ। তেওঁলোকৰ নাম জিয়া আৰু জহাদ।

যোৱা তিনি বছৰ ধৰি ২৩ বছৰীয়া জহাদ আৰু ২১ বছৰীয়া ট্ৰেন্স মহিলা জিয়াই একেলগে বাস কৰি আহিছে। লৰা হিচাপে জন্মগ্ৰহণ কৰা জিয়া পিছলৈ ছোৱালীলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে জাহাদ ছোৱালীৰ পৰা লৰালৈ সলনি হয়। দুয়োজনে মাৰ্চ মাহত প্ৰথম সন্তান জন্ম দিয়াৰ কথাও উল্লেখ কৰিছে।

তেওঁলোকে নিজেই এই তথ্য তেওঁলোকৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। মাৰ্চ মাহত দুয়োৰে মাজলৈ আহিব তেওঁলোকৰ প্ৰথম সন্তান। জিয়া এতিয়া ৮ মাহৰ অন্তসত্ত্বা

জিয়াই এটা ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল যে মই জন্মসূত্ৰে বা শৰীৰৰ দ্বাৰা নাৰী নহয় কিন্তু মোৰ সপোন আছিল এগৰাকী নাৰীৰ সপোন এটা সন্তানে মোক মা বুলি কব । আমি একেলগে থকাৰ তিনি বছৰ হল। জহাদৰ সপোন পিতৃ বুলি কোৱা শুনা। তেওঁৰ সহযোগতহে পেটত ৮ মাহৰ জীৱন লৈ আছো।

 

Category
Profile picture for user UB Photos