অসমবাসীয়ে কান্দিছে! ভগৱানে কাঢ়ি লৈ গ’ল সকলোৰে মৰমৰ কলিজা আইতাক

Aaita

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সকলোৰে মৰমৰ কলিজা আইতাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই। আজি পুৱা চিকিৎসালয়তে অন্তিম নিশ্বাস ত্যাগ কৰে আইতাই।

উল্লেখযোগ্য যে প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন। আইতাৰ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল। সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি। বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই।এতিয়া শোকস্তব্ধ হৈ পৰিছে অসমবাসী।

Category
Profile picture for user UB Photos