নতুন কৰ প্ৰণালীত মোদী চৰকাৰৰ চমক! ৭ লাখ পৰ্যন্ত উপাৰ্জনকাৰীয়ে দিব নালাগে কৰ।

Budget 223

লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট।২০২৩-২৪ৰ পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰীৰ।আয়কৰ ৰেহাইক লৈ বাজেটত ডাঙৰ ঘোষণা। আয় কৰ ৰেহাইৰ সীমা ৫ লাখৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি। ৩ লাখ টকালৈ আয়কৰ ৰেহাই। অৰ্থাৎ বছৰি ৩ লাখ টকা উপাৰ্জন কৰা লোকসকলে দিব নালাগে কোনো আয়কৰ।

আয়কৰৰ বাবে ৬টা শ্লেব নিৰ্ধাৰণ কৰা হৈছে বাজেটত। আঢ়ৈ লাখৰ পৰা ৩ লাখলৈ আয়কৰ ৰেহাই দিয়া হৈছে। ৩ৰ পৰা ৬ লাখ টকালৈ আয়কৰ হব ৫ শতাংশ। ৬ লাখৰ পৰা ৯ লাখলৈ আয়কৰ হব ১০ শতাংশ। ৯ লাখৰ পৰা ১২ লাখ টকালৈ আয়কৰ হব ১৫ শতাংশ। ১২ৰ পৰা ১৫ লাখ টকালৈ আয়কৰ হব ২০ শতাংশ আৰু ১৫ লাখৰ ওপৰত আয়কৰ হব ৩০ শতাংশ।

Category