ভাল খবৰ! গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৯০১ গৰাকী আৰক্ষীলৈ বিশেষ সন্মান।

Assam Police

গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৯০১ গৰাকী আৰক্ষীলৈ বিশেষ সন্মান। ১৪০ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে সাহসিকতাৰ পদক। ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে ৯৩ গৰাকী আৰক্ষীলৈ। ৬৬৮ গৰাকী আৰক্ষীলৈ বিশেষ যোগ্যতাৰ পদক।
অসমৰ ১৫ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ পদক আগবঢ়োৱা হৈছে।  DIG কংকনজ্যোতি শইকীয়ালৈ বিশেষ সেৱাৰ বাবে আগবঢ়োৱা হৈছে আৰক্ষী পদক।
অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়াকনিষ্টবললৈ কৃতিত্বমূলক সেৱাৰ বাবে আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক। গুৱাহাটীৰ CP দিগন্ত বৰালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পদক। SP মজিবুৰ ৰহমান আৰু ড০ ৰজী কলিতালৈও ৰাষ্ট্ৰপতিৰ পুলিচ পদক আগবঢ়োৱা হৈছে।

আনহাতে, পৰিদৰ্শক অনুকুল মালাকৰ, কনিষ্টবল ছিকাৰি ইংতি, কনিষ্টবল দিলীপ কলিতা, লেঞ্চ নায়ক মজিবুৰ ৰহমান চৌধুৰী, নায়ক মাণিক কাংছা বণিক, কনিষ্টবল সুমেশ্বৰ মুদৈ, কনিষ্টবল সুনীল ফুকন, কনিষ্টবল জোনমণি তামুলী, লেঞ্চ নায়ক আনন্দ ৰংহাং, ASI ঋতুমণি বৈৰাগী আৰু কনিষ্টবল সুভাষ ৰাভালৈ ৰাষ্ট্ৰপতিৰ পুলিচ পদক আগবঢ়োৱা হৈছে।

Category
Profile picture for user UB Photos