“হেপি বাৰ্থডে মেৰা কিউট সা মিঠা সা ভাই... তুমি য’তেই নাথাকা কিয় সদায় সুখী হৈ থাকা”। আজি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিন। ভগ্নী শ্বেতা সিং কীৰ্তিয়ে শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট।

1

আজি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিন। সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে প্ৰয়াত ভাতৃৰ ৩৭ সংখ্যক জন্মদিনত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে এটা পোষ্ট। সুশান্তৰ ভাগিন আৰু ভতিজাৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰি এক আৱেগিক পোষ্ট লিখিলে শ্বেতাই।

2



ভগ্নী শ্বেতাই লিখিছে, “হেপি বাৰ্থডে মেৰা কিউট সা মিঠা সা ভাই... তুমি যতেই নাথাকা কিয় সদায় সুখী হৈ থাকা। (মোৰ অনুভৱ তুমি নিশ্চয় কৈলাশত শিৱ বাবাৰ সৈতে আড্ডা মাৰি আছা।) আমি সকলোৱে তোমাক বহুত বেছি ভাল পাওঁ! তোমাক লৈ আমি বহুত গৌৰৱান্বিত।

২০২০ চনৰ ১৪ জুনত অভিনেতাজনে আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছিল। উল্লেখ্য যে এয়া হত্যা নে আত্মহত্যা তাৰ তদন্ত এতিয়াও চলি আছে।

Category
Profile picture for user UB Photos