এটা যুগৰ অৱসান! কাব্যঋষি নীলমণি ফুকনে ভাৰতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা গ্ৰহণ কৰা বিশেষ দিনটোৰ কেইখন মান ফটো চাও আহক

Nilamani phukan

নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা তেওঁ তৃতীয়গৰাকী সাহিত্যিক।

1

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামীৰ পিছত 'গোলাপী জামুৰ লগ্ন'ৰ বিশিষ্ট কবি নীলমণি ফুকন  হৈছে অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটাবিজয়ী সাহিত্যিক।

2

২০২২ চনত ৰবীন্দ্ৰ ভৱনত এই বঁটা গ্ৰহণ কৰিছিল কাব্যঋষিয়ে।

3

শাৰীৰিক অসুস্থতাৰ বাবে জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ যাব নোৱৰাৰ বাবে  কবিগৰাকীক ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰিবলৈ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

4

কবি ফুকনক এই বঁটা জীৱনজোৰা সাহিত্য সাধনাৰ বাবে আগবঢ়োৱা হৈছিল।

5

অসমীয়া কাব্য-সাহিত্যত ফুকনৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, 'নিৰ্জনতাৰ শব্দ' আৰু গোলাপী জামুৰ লগ্নপাঠক সমাজৰ মাজত জনপ্ৰিয়।

6

 

Category
Profile picture for user UB Photos