‘মই কাঞ্চনজংঘা..তুষাৰ শুভ্ৰশিৰ..ময়ে অভ্ৰভেদী বীৰ’ ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰাৱালাক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ

Jyoti

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস। এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক সোঁৱৰণ কৰিছে।


১৯৫১ চনৰ ১৭ জানুৱাৰীত কম আয়ুসকালতে মৃত্যুবৰণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া প্ৰথমখন চলচ্চিত্ৰৰ নিৰ্মাতা। অসমীয়া চলচ্চিত্ৰীয় ইতিহাসৰ অন্যতম দলিল জয়মতী চিনেমাৰ সমান্তৰালভাৱে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল।

অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ বৰঙণি আছে।


 

অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া এৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। ইয়াৰ পিছতে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ সূচনা হয়।

দেশৰ স্বাধীনতা সংগ্ৰামত নামি পৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। ১৯৩৩ চনৰ শেষৰফালে ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি "জয়মতী"ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।

 

Category