মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াক কেন্দ্ৰ কৰি এতিয়া ৰাজনীতিত চলিছে এক বিশেষ চৰ্চা ৷ অভিনেত্ৰীগৰাকী ২০২৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে বুলি প্ৰকট হৈছে সম্ভাৱনা ৷
কংগ্ৰেছেহে অভিনেত্ৰীগৰাকীক প্ৰক্ষেপ কৰিব বিচাৰিছে সংসদীয় সমষ্টিটোত৷ যদিহে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাক প্ৰক্ষেপ কৰে, তেতিয়া কংগ্ৰেছে বৰষাৰাণী বিষয়াক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ বাবে এটা কৌশল ৰচনা কৰিছে৷
ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা সন্মতি বিচৰা হৈছে যদিও অভিনেত্ৰী বৰষাৰাণীয়ে সন্মতি দিয়া নাই কংগ্ৰেছক ৷ কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বাসগৃহলৈ যাওঁতে এনে এক বিষয়ৰ ওপৰত আলোচনা হোৱা বুলি এটা সূত্ৰত প্ৰকাশ পাইছে ৷
'কা' আন্দোলনৰ সময়ত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ পিছত সকলোৱে ভাবিছিল ৰাজনীতিলৈ আহিব বৰষাৰাণী বিষয়া ৷ কিন্তু কা আন্দোলনৰ গইনা লৈ জন্ম হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান নকৰি নিজকে ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰাহে দেখা গ'ল বৰষাৰাণী বিষয়াক ৷
হয়তো 'কা' আন্দোলনত লোৱা ভূমিকা আৰু আঙুৰলতা ডেকা গুৱাহাটীত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা এই দুয়োটা দেখিয়েই কংগ্ৰেছ নেতৃত্বক বৰষাৰাণী বিষয়াক ৰাজনীতিলৈ অহাৰ প্ৰস্তাৱ দিবলৈ পৰামৰ্শ আগবঢ়াইছে বিভিন্ন মহলে, যাৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ গঢ়ি উঠিছে বৰষাৰাণী বিষয়াক লৈ এনে এক চৰ্চাৰ৷ এক সূত্ৰৰ মতে, বৰষাৰাণী বিষয়াক সন্মত কৰিবলৈ ৰাজ্যৰ এজন বুদ্ধিজীৱীক খাটনি ধৰিছে কংগ্ৰেছ নেতৃত্বই ৷
গুৱাহাটীৰ উজানবজাৰৰ জীয়ৰী বৰষাৰাণী বিষয়া যদি কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী আৰু বিজেপিৰ প্ৰাৰ্থী যদি আঙুৰলতা ডেকা হয়। ২০২৪ৰ লোকসভা নিৰ্বাচন অৱশ্যেই হ'ব আমোদজনক ৷ কিন্তু এই সন্দৰ্ভত সন্মতি দিবনে অভিনেত্ৰী বৰষাৰাণী বিষয়াই?
- Log in to post comments