‘ঘৰত দুটা তলা লগাই নিচিন্ত মনেৰে বিহু খাবলৈ যাওক’, আৰক্ষীৰ কৰ্তব্য নিৰাপত্তা দিয়া!’- মুখ্যমন্ত্ৰী

Himanta Biswa Sharma

দুৱাৰদলিত ভোগালী! ভোগালীৰ প্ৰাকক্ষণত মহানগৰবাসীলৈ মহানগৰ আৰক্ষী আয়ুক্তই জনোৱা এক আহ্বানে হাহাকাৰ লগাইছিল মহানগৰবাসীৰ মাজত ৷

আৰক্ষী আয়ুক্তই মহানগৰবাসীক ঘৰ খালী কৰি গাঁৱৰ ঘৰত বিহু খাবলৈ যাব নালাগে বুলি জনাইছিল আহ্বান ৷ কাৰণ মহানগৰবাসীক নিৰাপত্তা দিব পৰাকৈ পৰ্যাপ্ত আৰক্ষীৰ অভাৱ বুলি এক মন্তব্য আগবঢ়াইছিল ৷ পিছতে আৰক্ষীৰ আয়ুক্তৰ এই ব্যক্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে আকৌ মহানগৰবাসীক দিলে এক বিশেষ TIPS৷ মুখ্যমন্ত্ৰীৰ মতে জনতাক নিৰাপত্তা দিয়াৰ দায়িত্ব আৰক্ষীৰ ৷ বিহু খাবলৈ ঘৰলৈ সকলো যাওক মাত্ৰ দুটা তলা লগাই দৰ্জা বন্ধ কৰি থৈ গ'লেই হ'ল ৷ দুটা তলা মাৰি আগৰ দৰেই বিহু খাব যাবলৈ দিলে মুখ্যমন্ত্ৰীয়ে  বিশেষ tips৷ একেদৰে মহানগৰীত আৰক্ষী কম থকা বুলি আৰক্ষী আয়ুক্তই কৰা বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কলে আৰক্ষী কম আছে বুলি আয়ুক্তই যেনেকৈ কৈছিল তেনেকুৱা কথা নহয় ৷ পিছে মহানগৰবাসীকলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তই কৰা আহ্বানক লৈ এতিয়া বিপাঙত মহানগৰৰ সাধাৰন জনতা ৷

Category
Profile picture for user UB Photos