ৰে’লৰ খুন্দাত আৰু নমৰে হাতী!  ৰে’লৱে ট্ৰেকত হাতীয়ে খোজ দিলেই যাব সংকেত

Elephant

ৰে'লৰ খুন্দাত আৰু হাতী নমৰে৷ উত্তৰপূব সীমান্ত ৰে'লৱেই দ্ৰুতবেগী ৰে'লৰ খুন্দাত হোৱা হাতীৰ মৃত্যুক ৰুধিবলৈ আনিছে নতুন IDS প্ৰযুক্তি৷ Intrusion Detection System এই প্ৰযুক্তিৰ জৰিয়তে ৰে'লৱে ট্ৰেকত হাতীয়ে ভৰি থলেই ছিগনেল পাব ৰে'ল বিভাগে৷

১৯৯০ৰ পৰা ২০২২ৰ ভিতৰত দ্ৰুতবেগী ৰে'লৰ খুন্দাত অসমত প্ৰায় ১২০টা হাটীৰ মৃত্যু হৈছে৷ এই মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ উত্তৰপূব ৰে'লৱেই বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও কোনোটো পদক্ষেপেই সফল হোৱা নাই৷ সেইবাবে Northeast Frontier Railwayএ আনিছে এই নতুন টেকনলজী৷ এই টেকনলজী সংস্থাপন কৰা হৈছে লামডিঙৰ ৬০ কিলোমিটাৰ জোৰা হস্তীদণ্ডিত৷ হস্তীদণ্ডিৰ মাজেৰে যোৱা ৰে'লৰ ট্ৰেকত সংস্থাপন কৰা হৈছে এই প্ৰযুক্তি৷

ৰে'ল বিভাগৰ শীৰ্ষ সুত্ৰই জনোৱা অনুসৰি, এই প্ৰযুক্তিৰ জৰিয়তে লামডিঙৰ ৬০ কিলোমিটাৰ এলেকাৰ হস্তীদণ্ডিৰ মাজেদি যোৱা ৰে'লৱে ট্ৰেকত যদি কোনো হাতীয়ে খোজ পেলাই লগে লগে সমীপৱৰ্তী ৰে'ল ষ্টেচনত সংস্থাপিত IDS মনিটৰে ছিগনেল গ্ৰহণ কৰিব আৰু তাত থকা বিশেষজ্ঞ বিষয়াই সেই ছিগনেলক পৰীক্ষা কৰি হাতীৰ নিশ্চিত তথ্য উলিয়াই নিৰ্দিষ্ট পথেৰে অহা ৰে'ললৈ বাৰ্তা প্ৰেৰণ কৰিব৷ সেই বাৰ্তাৰ ভিত্তিত ৰে'ল চালকে ৰে'লৰ গতি নিয়ন্ত্ৰণ কৰি হাতীক ৰে'লৰ খুন্দাৰ পৰা ৰক্ষা কৰিব৷

দ্ৰুতবেগী ৰে'লৰ খুন্দাৰ পৰা হাতীক ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা এই প্ৰযুক্তি দেশৰ ভিতৰতে প্ৰথম৷ ইয়াৰ পূৰ্বে কোনেও এনেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা নাই, অসমেই প্ৰথম৷ এনেধৰণৰ প্ৰযুক্তি সাধাৰণতে অইল কোম্পানীসমূহে পাইপ লাইনৰ ছিদ্ৰক ধৰা পেলাবলৈ ব্যৱহাৰ কৰে৷ এতিয়া সেই প্ৰযুক্তি ব্যৱহাৰ কৰি NFRই যোৱা এপ্ৰিল মাহৰ পৰা এতিয়ালৈকে লামডিং এলেকাৰ প্ৰায় ৪০০হাতীক ৰে'লৰ খুন্দাৰ পৰা ৰক্ষা কৰিব পাৰিছে ৷

অসমত ব্যৱহাৰ কৰা এই প্ৰযুক্তি এতিয়া পশ্চিমবংগতো ব্যৱহাৰ কৰিব NFRই৷ কাৰণ ২০১২ৰ পৰা ২০২২ৰ ভিতৰত পশ্চিম বংগতো প্ৰায় ৫০টা হাটীৰ মৃত্যু হৈছে ৰে'লৰ খুন্দাত৷ উল্লেখ্য যে, দেশৰ প্ৰায় ২৭ হাজাৰ হাতীৰ ৫ হাজাৰতকৈ অধিক হাতীৰ বাসস্থান হৈছে অসম৷ এই হাতীক ৰে'লৰ খুন্দাৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া অনা হৈছে IDS প্ৰযুক্তি৷

Category