শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে দৈনন্দিন জীৱন যাত্ৰাতো প্ৰভাৱ পৰে। শীতকালৰ সময়চোৱাত সকলোৱে বিশেশ সাৱধানতা অৱলম্বন কৰা উচিত। ঠাণ্ডাদিনত শৰীৰ সুস্থ কৰি ৰখাৰ বাবে গুৰুত্ব দিব লগা বিষয় কেইটা হ’ল-
ক) শীতকালৰ সময়চোৱাত খালী ভৰিৰে থকা উচিত নহয়। শীতৰ উপযোগী উলৰ মোজা পৰিধান কৰিব লাগে।
খ) শীতকালত গৰম পানীৰে স্নান কৰাৰ উপৰি শোৱাৰ আগমুহূৰ্তত ভৰি-হাত গৰম পানীৰে ধোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে শৰীৰৰ উষ্ণতা অটুট থাকে।
গ) শীতকালত পুষ্টিকৰ খাদ্য নিয়মীয়াকৈ খাব লাগে। এইক্ষেত্ৰত গৰম চুপ, আদা দিয়া চাহ, আদি সেৱন কৰিলে শৰীৰ উষ্ণ হৈ থাকে।
ঘ) ঠাণ্ডা বেছি হ’লে হটৱাটাৰ বেগ ব্যৱহাৰ কৰিব পাৰে।
ঙ) ঠাণ্ডা বেছি হ’লে হাত-ভৰি জুইত সেকি সৰিয়হৰ তেলেৰে মালিচ কৰিলেও দেহৰ উষ্ণতা অটুট থাকে।
- Log in to post comments