এক দুৰ্ভাগ্যজনক ঘটনা। পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে নিজৰ সন্তানক।ভৰণ-পোষণ দিব নোৱাৰি বিক্ৰী কৰিলে নিজ সন্তানক। ধমধমাৰ নিকটবৰ্তী বাক্সা জিলাৰ গড়ভিতৰ গাঁৱত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। গাঁওখন বাসিন্দা বিনন্দ দাস আৰু নিলীমা দাস নামৰ দম্পতীহালে বিক্ৰী কৰিলে নৱজাতকক। ভৰণ-পোষণ দি ডাঙৰ-দীঘল কৰিব নোৱাৰাৰ বাবেই লক্ষীমপুৰত বিক্ৰী কৰিলে সদ্যজাত সন্তানক৷ অভাৱে কোঙা কৰা নিৰক্ষৰ পৰিয়ালটিয়ে জন্মৰ এমাহ নহওতেই মাতৃৰ বুকুৰ মাজৰ পৰা বিক্ৰী কৰিলে নিজ সন্তানক৷ সোমবাৰে নিশা লক্ষীমপুৰৰ এটি পৰিয়ালে এই দুৰ্ভগীয়া পৰিয়ালটোক ঘৰ বান্ধি দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ যায় সদ্যজাত সন্তানটিক৷ চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটোৱে দুবছৰ পূৰ্বেও আৰু এটি সন্তানক বিক্ৰী কৰিছিল বুলি আত্মীয়ই মন্তব্য কৰিছে৷
- Log in to post comments