আজি পুৱা মৰাণত প্ৰচণ্ড শিলাবৃষ্টি৷
মৰাণ আৰু ডিমৌৰ কাষৰীয়া ধেমেচী অঞ্চলত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত সমগ্ৰ এলেকাটো বৰফৰ আচ্ছাদনৰ দৰে এক পৰিবেশৰ সৃষ্টি হয়৷
কিন্তু এই শিলাবৃষ্টি যেন একাংশৰ কাৰণে হৈ পৰিছে অভিশপ্ত।
ঘৰৰ টিঙ ফুটা কৰাৰ পৰা ধৰি খেতিয়কৰ কষ্টৰে শ্যামলা হোৱা শস্যলৈকে সকলো নিমিষতে শেষ কৰি পেলালে এই শিলাবৃষ্টিয়ে।
ইমানেই নহয় সেই এলেকাটোকে ধৰি দাতি কাষৰীয়া অঞ্চলটোতো এতিয়া পৰিছে প্ৰচণ্ড শীত।
Category
- Log in to post comments