গ্ৰেপ্তাৰ হ’ল বিধায়ক শ্বেৰমান আলী, কি কাৰণত আৰক্ষীৰ ৰোষত পৰিল বিধায়ক শ্বেৰমান আলী?

Sherman Ali

বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক। উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়কজন। বটদ্ৰৱাৰ পিছত আজি বৰপেটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪০০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। বাঘবৰৰ সত্ৰকনৰাত চৰকাৰী ভূমিত চলিছে এই উচ্ছেদ অভিযান।

এই উচ্ছেদৰ সময়তে ধৰ্ণাত বহে কংগ্ৰেছৰ নিলম্বিত বিধায়কজন। উচ্চেদ বন্ধ কৰাৰ দাবীত ধৰ্ণাত বহিছিল শ্বেৰমান আলী। পিছত আৰক্ষীয়ে উচ্ছেদস্থলীৰ পৰা আটক কৰে শ্বেৰমানক। ৰপেটাৰ উপ আৰক্ষী অধিক্ষকে আটক কৰিলে শ্বেৰমান আলীক।

Category
Profile picture for user UB Photos