ঘোষণা হ'ল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল। সাহিত্য সভাই পালে নতুন সভাপতি-সম্পাদক।

Assam Sahitya Sabha

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ফলাফল অনুসৰি সভাপতি পদত জয়লাভ কৰে সূৰ্যকান্ত হাজৰিকাই। ইয়াৰ লগতে উপ সভাপতি পদত গিৰিশ সন্দিকৈ, প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই। আজি নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ ভোট গণনা। প্ৰধান সম্পাদকৰ পদত ৫ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা। সভাপতি আৰু উপসভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৬ গৰাকীকৈ প্ৰাৰ্থীয়ে। 

 

সাহিত্য সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বিশিষ্ট সাহিত্যিক য়েচে দৰ্জে ঠংচিয়েও। সভাপতি পদত দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰে সাহিত্যিক গৰাকীয়ে। অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ নতুন কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত সূৰ্যকান্ত হাজৰিকাই লখিমপুৰৰ নাৰায়ণপুৰত অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিব।

Category
Profile picture for user UB Photos