ঘৰুৱা পদ্ধতিৰেই বগা কৰিব পাৰিব আপোনাৰ দাতৰ হালধীয়া দাগ! 

Teeth

হালধীয়া দাগ বা হালধীয়া দাঁত আমাৰ বহুতৰ বাবে এক ডাঙৰ সমস্যা। বহুলোকে বৃহৎ পৰিমাণৰ ধন  খৰছ কৰি দাঁত চাফা কৰে। কিন্তু দাঁতৰ পৰা হালধীয়া দাগ আঁতৰাবলৈ ঘৰুৱা প্ৰতিকাৰো আছে। কিছুমান ফল আছে। যিয়ে আপোনাৰ দাঁত ঢকঢকীয়া বগা কৰি তুলিব। 

Banana

পুষ্টিসমৃদ্ধ কলত যথেষ্ট পৰিমাণে মেগনেছিয়াম, পটাছিয়াম আৰু মেঙ্গানিজ থাকে। এই খনিজ পদাৰ্থৰ ফলত দাঁতৰ পৰা লেতেৰা দাগ সৰি পৰে। দাঁত বগা কৰাত কল যথেষ্ট কাৰ্যকৰী হয়। 

Watermelon

তৰমুজত মেঙ্গানিজ, জিংক, পটাছিয়াম, আইৰণ, মেগনেছিয়াম, কেলচিয়াম আৰু আয়ডিন থাকে৷ এইবোৰ দাঁতৰ বাবে অতি উপকাৰী৷ দাঁতৰ উজ্জ্বলতা বৃদ্ধিত তৰমুজ যথেষ্ট কাৰ্যকৰী৷ দাঁতত তৰমুজৰ টুকুৰা ঘঁহি দিলেও চাফা হয়। 

Apple

আপেলেও দাঁতৰ উজ্জ্বলতা বজাই ৰাখে। আন কথাত, আপেল হৈছে দাঁতঘঁহনি। এপলৰ মেলিক এচিডে যথেষ্ট পৰিমাণে ছালাভিয়া বা লেলাৱতি উৎপন্ন কৰে। ইয়াৰ ফলত আপোনাৰ দাঁতৰ পৰা হালধীয়া আৱৰণ উঠি যায়। 

Orrange

কমলা সামগ্ৰিক সুস্থতাৰ লগতে দাঁতৰ স্বাস্থ্যৰ বাবে অতি কাৰ্যকৰী। কমলা ভিটামিন চি আৰু কেলচিয়াম সমৃদ্ধ। কমলা ৰসৰ ফলত দাঁতৰ ওপৰৰ পৰা হালধীয়া স্তৰ ওপৰলৈ উঠে। 

Strawberry

ষ্ট্ৰবেৰীৰ ম্যালিক এচিডে দাঁতৰ পৰা প্লেক আঁতৰ কৰাত সহায় কৰে৷ ষ্ট্ৰবেৰীটো দুটুকুৰাকৈ কাটি লওক৷ তাৰ ওপৰত কেইটামান চডা দিব। তাৰ পিছত দাঁতত ঘঁহি দিয়ক৷ দাঁতৰ পৰা হালধীয়া দাগ ওলাই আহিব৷। 

Category
Profile picture for user UB Photos