‘মই বেয়া কাম কৰিবলৈ গৈছিলো, ছোৱালীজনীয়ে চিঞৰাত ডিঙি চেপি হত্যা কৰিলোঁ’

Murder

প্ৰথমে ধৰ্ষণ, তাৰপাছত হত্যা আৰু শেষত স্বীকাৰোক্তি। কেমেৰাৰ সন্মুখত হত্যাকাৰীৰ চাঞ্চল্যকৰ এই স্বীকাৰোক্তি। ১৪ বছৰীয়া এগৰাকী কিশোৰীক হত্যা কৰি এই ভাষ্য হত্যাকাৰীৰ। এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিত। ঢেকিয়াজুলিৰ আলিছিঙাৰ ভকোৱামাৰীৰ চামছুল নেহা নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে কঁপাই তুলিছে সমগ্ৰ ঢেকিয়াজুলি অঞ্চল। ছাত্ৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত ঢেকিয়াজুলিৰ আৰক্ষীয়ে আটক কৰে হজৰত আলী নামৰ হত্যাকাৰীজনক। আৰক্ষী আৰু সংবাদমাধ্যমৰ সন্মুখত আলীয়ে স্বীকাৰ কৰে হত্যাকাণ্ড সংঘটিত কৰা ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি, মঙ্গলবাৰে পুৱা ৪:৩০ বজাত চামছুল নেহা নামৰ কিশোৰীগৰাকীৰ পিতৃ নামাজ পঢ়িবলৈ যোৱাৰ পিছতে ৫ বজাত হজৰত আলীয়ে ঘৰত অকলে থকা কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা কৰে। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ডিঙি চেপি হত্যা কৰে। উল্লেখ্য যে বুধবাৰে বিচনাতে ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ। কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীৰ পৰা CID আৰু DOG SQUADৰ দল। স্মিকাৰ ডগৰ সহায়ত আৰম্ভ কৰিছিল তদন্ত। সেই স্মিকাৰ ডগে এটা পুখুৰীৰ পাৰত উদ্ধাৰ কৰিছিল এটা খোজৰ চিন। আৰু তাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে আটক কৰে হত্যাকাৰী হজৰত আলীক।

Category
Profile picture for user UB Photos