আৰম্ভ হ'ল অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে ভোটদান প্ৰক্ৰিয়া।

Assam Sahitya Sabha

মেঘদূত ভৱনত স্থাপন হ'ল সাহিত্য সভাৰ বেলট বাকচ। আজিৰে পৰা আৰম্ভ হৈছে জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত সংগ্ৰহ প্ৰক্ৰিয়া । নৱেম্বৰৰ দ্বিতীয় দেওবাৰৰ ভিতৰত প্ৰতিখন জিলা আৰু শাখা ভোটদানৰ বাবে এখন সভা আহ্বান কৰি এই সভাতে জিলা বা শাখাৰ কাৰ্যনিৰ্বাহকৰ ন্যূনতম ৫০ শতাংশ আৰু আজীৱন সভাৰ ৩০ শতাংশ সদস্যৰ উপস্থিতিত গণতান্ত্রিক পদ্ধতিৰে প্ৰতিটো পদৰ বিপৰীতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্রার্থী নিৰ্বাচিত কৰিব। সভাৰ বেলট, কাকত লেফাফাত ভৰাই ছীল কৰাৰ পাছত মুখ্য নির্বাচনী বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব সভাপতি-সম্পাদকৰ স্বাক্ষৰসহ পত্ৰ। অহা ১৩ নৱেম্বৰ ভোটদানৰ অন্তিম দিন। গুৱাহাটীৰ মেঘদূত ভৱনত স্থাপন কৰা ভোট বাকচলৈ ডাকযোগে প্ৰেৰণ কৰিব লাগিব বেলট কাকতসমূহ। বেলট কাকত প্ৰেৰণৰ অন্তিম দিন ৪ ডিচেম্বৰ। ৫ ডিচেম্বৰত ছীল কৰি দিয়া হ'ব বেলট বক্স। পাণবজাৰ আৰক্ষীৰ তত্ত্বাৱধানত থাকিব বেলট বক্স। নলবাৰীত অনুষ্ঠিত হ'ব লগীয়া সপ্তম কাৰ্যনিৰ্বাহকতেই হ'ব ভোট গণনা। বর্তমানলৈ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই ভোট গণনাৰ দিন।

Category
Profile picture for user UB Photos