স্মাৰ্ট মহানগৰীৰ স্মাৰ্ট চোৰ! কেমেৰাৰ সন্মুখত চোৰৰ অপেন চেলেঞ্জ 

Smart Thief

পুনৰ আৰক্ষীৰ চকুত ধুলি দি কেমেৰাৰ সন্মুখতে চুৰৰ চাফাই অভিযান। সমগ্ৰ চুৰি কাণ্ডৰ ঘটনা আৱদ্ধ হৈছে চি চি টিভি কেমেৰাত।

মঠঘৰীয়াৰ শ্ৰীমন্ত শংকৰদেৱ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ নামৰ নামঘৰটোৰ তলা ভাঙি মণিকূটত থকা প্ৰায় পচিছ হাজাৰ টকা লুট কৰি নিয়ে চোৰে। ইপিনে নামঘৰৰ গাতে লাগি থকা ইছলাম নগৰ মছজিদৰ দান পাত্ৰও ভাঙি নগদ পাছ হাজাৰ টকা লুট কৰি নিয়ে। 

উল্লেখ্য যে, একে নিশাই দুটা চোৰে নামঘৰ আৰু মছজিদত সংঘটিত কৰিছে দুটাকৈ চুৰি কাণ্ড। অন কেমেৰা এই চুৰি কাণ্ড সংঘটিত কৰি এক প্ৰকাৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাইছে চোৰ দুটাই। অঞ্চলটোত ধাৰাবাহিকভাবে চুৰি কাৰ্য সংঘাটিত হৈ থকাৰ পিচতো আৰক্ষীয়ে  ৰোধ কৰিব পৰা নাই চুৰি কাৰ্য। 

ঘটনাৰ সন্দৰ্ভত নামঘৰ আৰু মছজিদ পৰিচালনা কমিটিয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Category
Profile picture for user UB Photos