নাবালিকাক ধৰ্ষণৰ কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ক'ত সংঘটিত এই ঘটনা

dhing rape incident news

এগৰাকী কণমানি নাবালিকাক ধৰ্ষণৰ চেষ্টা কৰা ঘটনাক কেন্দ্ৰ কৰি ধিঙৰ বৰবিল মাজু চৰত শুকুৰবাৰে দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। ঘটনাৰ অভিযোগ অনুসৰি কাৰিজুল ইছলাম নামৰ এটা পাষণ্ডই এগৰাকী কণমানি নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলায়। কিন্তু কথমপি ৰক্ষা পৰে কণমানি জনী।

 

 

 

ঘটনা অনুসৰি কণমানি জনীয়ে চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে কাৰিজুল নামৰ লম্পটটোৰ হাতৰ পৰা কোনোমতে ৰক্ষা কৰে কণমানি নাবালিকাক। তাৰ পাছতে নাবালিকা গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত কাৰিজুল ইছলামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিল কৰি ঘৰলৈ যোৱাৰ পাছত কাৰিজুল ইছলামৰ পৰিয়ালৰ ১০-১৫ জনীয়া এটি দলে এজাহাৰ দিয়াৰ বাবেই আব্দুল আলিৰ নেতৃত্বত হাতে হাতে দা লাখুটি লৈ‌ আব্দুল জলিলৰ ঘৰত প্ৰৱেশ কৰি আব্দুল জলিলৰ পৰিয়ালৰ সদস্যৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত আব্দুল জলিলসহ পৰিয়ালৰ ফৰিদা খাতুন, জুলফিকৰ আলি, জনাব আলি, আমিৰ হামজা বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। বৰ্তমান আটাইকেইজন আহত ব্যক্তি ধিঙৰ এফ আৰ ইউত চিকিৎসাধীন হৈ আছে।

Category
Profile picture for user UB Photos