বিদ্যালয়ৰ শ্ৰেণীকোঠা হৈ পৰিছে ৰিল বনোৱাৰ প্লেট ফৰ্ম!

Reels

শ্ৰেণী কোঠাত শিক্ষা গ্ৰহণৰ সলনি একাংশ শিক্ষাৰ্থী এতিয়া ব্যস্ত হৈ পৰিছে ৰিল ভিডিঅ’ বনোৱা কাৰ্যত ৷ বিজনী মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত চলিছে ৰিল বনোৱাৰ প্ৰতিযোগিতা ৷ শ্ৰেণী কোঠাৰ ভিতৰত শিক্ষা গ্ৰহণৰ সলনি একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰিল বনাই পাৰ কৰে ৷

মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত একাংশ উদণ্ড ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাত কৰিছে উদ্দ্যম নৃত্য ৷ ভিডিঅ’ সমুহ কৰি ছাত্ৰ-ছাত্ৰীয়ে এৰি দিছে বিভিন্ন সামাজিক মাধ্যমত ৷ পৱিত্ৰ শ্ৰেণী কোঠাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে মিলি প্ৰস্তুত কৰা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

উশৃংখল এই সকল ছাত্ৰ-ছাত্ৰীৰ এনে ধৰণৰ কৰ্ম কাণ্ডই মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনা আছে ৷ এই ক্ষেত্ৰত মহাবিদ্যালয় কতৃপক্ষই নীৰৱ ভূমিকা গ্ৰহণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Category
Profile picture for user UB Photos