২৩ ছেপ্টেম্বৰত ৰাজ্যৰ ১১,২০২ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma

২৩ ছেপ্টেম্বৰত ৰাজ্যৰ ১১,২০২ গৰাকী সফল প্ৰাৰ্থীক নতুনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

অসম চৰকাৰৰ ২১টা বিভাগত দিয়া হ’ব নিযুক্তি। গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ গৰাকীক নিযুক্তি। উচ্চ কাৰিকৰী শিক্ষাত ৯২৭, শিক্ষা বিভাগত ৩৮১১ গৰাকীক নিযুক্তি। পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭, লোক নিৰ্মাণ বিভাগত ৩০৪, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯, জলসিঞ্চনত ১৩৭ গৰাকীক,পৰিবেশ আৰু বনত ৩৩গৰাকী,পৰিবহণত ৩গৰাকী,গৃহ আৰু নগৰ পৰিক্ৰমাত ১গৰাকী, মহিলা আৰু শিশু উন্নয়নত ৪গৰাকী, জলসম্পদত ৩গৰাকী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত ৪গৰাকী, ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩গৰাকী, হস্ততাঁত আৰু বস্ত্ৰশিল্পত ৬গৰাকী, ৰূপান্তৰ আৰু উন্নয়নত ১১গৰাকী, সমবায়ত ২গৰাকী, দক্ষতা,নিয়োগ আৰু উদ্যোগীকৰণত ২৪গৰাকী, তথ্য আৰু জনসংযোগত ১গৰাকী প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি।

অতিৰিক্ত বিভাগ য'ত নিয়োগ কৰা হ'ব তাৰ ভিতৰত আছে হস্ততাঁত আৰু বস্ত্ৰ, সহযোগিতা, তথ্য, আৰু জনসম্পৰ্ক, লগতে দক্ষতা, নিযুক্তি আৰু উদ্যোগৰ বাবে।

অসম চৰকাৰে শেহতীয়াকৈ বিভিন্ন চৰকাৰী পদত ২৭,৭৩৭ জন প্ৰাৰ্থী নিযুক্ত কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছে।

Category
Profile picture for user UB Photos