সোপাধৰা আতংকৰ মাজতে যোৰহাটত এইবাৰ উলংগ বাবাক লৈ আতংক!

jorhat baba

যোৰহাটৰ বৰুৱা চাৰিআলিত ইউ পি ৰেজিষ্ট্ৰেচন এখন হ'ল UP 25 BU 3134 নম্বৰ আৰু UP 25 DD 7195 নম্বৰৰ দুখন  ব'লেৰো গাড়ীত দুজন উলংগ বাবাক আৰু লগত কেইবা জনো ভক্তক দেখি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

 

উত্তৰ প্ৰদেশৰ পৰা পৰশুৰাম কুণ্ডলৈ দুখন গাড়ীত অহা সাধুবাবাৰ দলটোৰ বেশভূশা আছিল কিছু পৃথক। তেওঁলোকৰ এজন নগ্ন অৱস্থাত থকাৰ লগতে বাকী কেইবাগৰাকী সাধুবাবাৰ শৰীৰ ভস্মৰে ধাকি ৰখাৰ লগতে শৰীৰত আছিল নামমাত্ৰ কাপোৰ।

jorhat baba

যিতো সময়ত ৰাজ্যত সোপাধৰা আতংকই বিৰাজ কৰিছে তেনে সময়তে যোৰহাটৰ মাজমজিয়াত বৰুৱা চাৰিআলিত এই উলংগ বাবাক দেখি আতংকিত হয় যোৰহাটবাসী।


আনহাতে, একাংশ লোকে এই দলটো সোপাধৰা বুলি সন্দেহ ব্যক্ত কৰাত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰে।

 

অৱশ্যে তাৎক্ষণিকভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাধুবাবাৰ দলটোক থানালৈ লৈ যোৱাত পৰিস্থিতি শাম কাটে আৰু এক অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা পৰে সাধুবাবাৰ দলটো।

Category
Profile picture for user UB Photos