এইবাৰ GMCHত ওলাল ভুৱা চিকিৎসক!

Fake Doctor

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আটক ভুৱা চিকিৎসক।

প্ৰণৱ জ্যোতি দাস নামৰ ব্য়ক্তি এজনে ছার্জিকেল বিভাগত চিকিৎসা কৰি থাকোতেই ধৰিলে ৰোগীৰ আত্মীয়ই। পৰৱৰ্তী সময়ত লোকজনক আৰক্ষীৰ হাতত গতাই দিয়ে GMCH কৰ্তৃপক্ষই।

ভুৱা পৰিচয় পত্ৰ বনাই লৈ চিকিৎসা কৰিবলৈ আহিছিল ধৃত প্ৰণৱ জ্যোতি দাসে। মাজে মাজে GMCHলৈ অহাৰ কথা স্বীকাৰ ভুৱা চিকিৎসকজনৰ।  মাজে মাজে AIIMSলৈও যোৱাৰ কথা স্বীকাৰ কৰে ধৃত লোকজনে।  নিজকে নিউৰ'ছার্জন বুলি চিনাকি দিছিল ভুৱা লোকজনে।

Category
Profile picture for user UB Photos