চৰ্চাত এগৰাকী মহিলা ই-ৰিক্সা চালক! কিয় তেওঁ চৰ্চাত চাওঁক...

Electric Rickshaw

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ এগৰাকী ই-ৰিক্সা চালক বৰ্তমান চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। 

কৃষ্ণাইত সদায় দেখা পোৱা যায় ৰিক্সাচালক সুনীতা কোচক l এসময়ত তেওঁৰ স্বামীয়ে এইখন ৰিক্সা চলাই পৰিয়াল পোহ পাল দি আহিছিল।

কিন্তু হঠাৎ এদিন সুনীতাৰ স্বামীয়ে ৰিক্সা চলাই থকাৰ সময়ত ৰিক্সাসহ পথত বাগৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় l তেতিয়াৰ পৰা সুনীতাৰ স্বামীয়ে চলাব নোৱাৰা হ’ল ৰিক্সাখন l স্বামীৰ তেনে অৱস্থাৰ বাবে সুনীতাই নিজেই ৮মাহ পূৰ্বে ওলাই আহিল ৰাজপথলৈ l তেতিয়াৰ পৰা সুনীতা কোচে এই ৰিক্সা চলাই পৰিয়ালটো পোহ-পাল দি আহিছে৷ লগতে সন্তানকো পঢ়ুৱাই আহিছে l

অঞ্চলটোৰ লোকসকলেও সুনীতাৰ এই কৰ্মময় যাত্ৰাক উৎসাহ যোগাইছেl সুনীতা কোচ আন দহগৰাকী নাৰীৰ বাবেও আদৰ্শ হ’ব বুলি কৃষ্ণাইৰ ৰাইজে প্ৰকশ কৰিছে l

Category
Profile picture for user UB Photos