তেওঁ কেৱল উশাহ লৈ আছে, ইয়াৰ বাহিৰে তেওঁৰ শৰীৰে কাম কৰা নাই!

Raju

স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ। যোৱা ১০ আগষ্টৰ পৰা ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছিল অভিনেতাজন। তেখেতৰ স্বাস্থ্য কিছু উন্নত হৈছিল যদিও বৃহস্পতিবাৰ, ১৮ আগষ্টত হঠাতে অৱনতি ঘটে স্বাস্থ্যৰ।

উল্লেখযোগ্য যে, যোৱা ১০ আগষ্টত শৰীৰ চৰ্চা কৰি থকা সময়ত ট্ৰেডমিলৰ পৰা বাগৰি পৰিছিল ৫৮ বছৰীয়া অভিনেতা গৰাকী। পৰিয়ালৰ লোকে ততাতৈয়া দিল্লীৰ এইমছত ভৰ্তি কৰিছিল অভিনেতাজনক।

জানিব পৰা মতে, অভিনেতা জনৰ মস্তিস্কই কোনো ধৰণৰ কাম কৰা নাই। চিকিৎসক সকলে যথেষ্ট চেষ্টা চলাই আছে যদিও অভিনতাজনক প্ৰয়োজন এতিয়া আশীষৰ।

ৰাজু শ্ৰীৱাস্তৱৰ বন্ধু সুনীল পালে জনায় যে, “তেওঁ কেৱল উশাহ লৈ আছে, ইয়াৰ বাহিৰে তেওঁৰ শৰীৰে কাম কৰা নাই।”

বৰ্তমান কমেডিয়ান ৰাজু শ্ৰীবাস্তৱক এতিয়া প্ৰয়োজন আপোনালোকৰ আশীষৰ।

Category
Profile picture for user UB Photos