ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অংগনবাড়ী সাহায়িকা!

national Awrd

জামুগুৰিহাটৰ অংগনবাড়ী সাহায়িকাক দেশৰ শ্ৰেষ্ঠ সমাজ সেৱীকাৰ সন্মান আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তাৰ ৷

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ধুবিখোলাৰ এগৰাকী অংগনবাড়ী সহায়িকাক আমেৰিকাৰ চেনফঅৰড ইউনিভাৰচিটিৰ এটি প্ৰবক্তাৰ দলে দেশৰ শ্ৰেষ্ঠ সমাজ সেৱীকাৰ স্বীকৃতি প্ৰদান কৰাক লৈ উৎফুল্লিত হৈ পৰিছে সমূহ জামুগুৰিহাটবাসী ৷

আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তা মাৰ্গ বেলঙৰ দলটো তেজপুস্থিত ERC চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলৰ লগত আহি জামুগুৰিহাটৰ হাটিঙাৰ সহায়িকাগৰাকীৰ বাসভৱনত উপস্থিত হৈ ইলা দেৱীক শ্ৰেষ্ঠ সমাজসেৱীৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে ইলাদেৱীয়ে চাকৰী কৰাৰ উপৰি আজৰি সময়ত তেজপুৰ ERC চিকিৎসালয়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ ৰাইজক বিনামূলীয়া চকু চিকিৎসা সেৱা আগবঢ়ায় আহিছে ৷

ERCয়ে আগবঢ়োৱা চকু চিকিৎসা সেৱাত নিজকে নিয়োগ কৰি দুখীয়া দৰিদ্ৰ ৰাইজক কৰি অহা সেৱাৰ বাবে তেঁওক এই বিৰল সন্মান প্ৰদান কৰা বুলি উল্লেখ কৰিছে৷ লগতে অঞ্চলটোৰ ৰাইজে তেওক আজি পুৱা অভিনন্দন জ্ঞাপন কৰি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় ৷

Category
Profile picture for user UB Photos