কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUVয়ে প্ৰাণ ল’লে ৬জনকৈ লোকৰ!

Suv

কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUV খুন্দাত প্ৰাণ গ’ল ৬জনকৈ লোকৰ।

গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা৷ কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUVয়ে খুন্দিয়ালে অটোৰিক্সাৰ লগতে মটৰচাইকেল। দুৰ্ঘটনাত পতিত হৈ মৃত্যু প্ৰায় ৬জনকৈ লোকৰ ৷

বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো ৷ আনন্দ চহৰ তাৰাপুৰ সংযুক্ত ৰাজ্যিক ঘাইপথেৰে গৈ থাকোতে বিধায়কৰ জোঁৱায়কৰ SUVয়ে খুন্দিয়াই অটো আৰু মটৰচাইকেলখনক ৷ ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

অটোৰিক্সা আৰু মটৰচাইকেলত খুন্দিওৱাৰ ফলত নিহত হয় ৬জনকৈ লোক৷ দুৰ্ঘটনা সংঘটিত কৰা বিধায়কৰ জোঁৱায়েকৰ বিৰুদ্ধে ইতিমধ্যে নিহত হোৱা সকলৰ পৰিয়ালে ৰুজু কৰিছে গোচৰ৷ হত্যাৰ গোচৰ ৰুজু কৰিছে বিধায়কৰ জোঁৱায়েকৰ বিৰুদ্ধে৷ মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

Category
Profile picture for user UB Photos