
কাইলৈ মুক্তি লাভ কৰিব আমীৰ খান অভিনীত ছবি লাল সিঙ চাড্ডাই। বহু প্ৰতিক্ষাৰ অন্তত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।
আন্তঃজাতিক সমীক্ষাত ইতিমধ্যে ছবিখনে লাভ কৰিছে ধণাত্মক সঁহাৰি। প্ৰাৰম্ভিক সমালোচনা অনুসৰি, লাল সিঙ চাড্ডাই ছবিখন টম হেংকছ অভিনীত ছবি Forest Gumpৰ এক উৎকৃষ্ট প্ৰদৰ্শন। আনহাতে একাংশই আমিৰ খানৰ অভিনয়ক পেৰোডি আখ্যাও দিয়ে।
আমিৰ খানৰ উপৰিও ছবিখনৰ আন আন চৰিত্ৰ সমূহত অভিনয় কৰে ক্ৰমে কৰিনা খান, মনা সিঙ, নাগা চৈতন্যই। ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিব বুলি আশাবাদী কলা-কুশলীসকল।
সামাজিক মাধ্যমত ছবিখন বয়কট কৰিবলৈ যি চৰ্চা চলিছিল তাৰ প্ৰত্যুত্তৰত আমীৰ খানে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনায়।
- Log in to post comments