নিশা হ’লেই অদৃশ্য শক্তিৰ তাণ্ডৱ! জামুগুৰিহাটত আতংক

The invisible power

কিছুদিনৰ পৰা জামুগুৰিহাটৰ এখন গাঁৱে পাৰ কৰিব লগীয়া হৈছে উজাগৰী নিশা! এক আতংকময় পৰিৱেশত বাস কৰিছে গাঁওখনৰ ৰাইজে ৷ নিশা হ’লেই এক অদৃশ্য শক্তিয়ে তাণ্ডৱ চলাই গাঁওখনত ৷

গাওঁখনৰ প্ৰশান্ত বৰা নামৰ ব্যক্তি গৰাকীৰ ঘৰত সংঘটিত হৈছে এই ঘটনা ৷ নিকি বৰা নামৰ ১২ বছৰীয়া কিশোৰী গৰাকীৰ ওপৰত নিশা হ’লেই অদৃশ্য শক্তিয়ে চলায় অত্যাচাৰ ৷

ঘৰৰ ভিতৰত কিশোৰী গৰাকী অকলে থাকিলেই বহি থকা চকীৰ পৰা পেলাই দিয়া, চুলি টনা, মোবাইল টানি লৈ যোৱা, বেৰত ঢকিওৱা ,গালৈ চুটকেছ দলিয়াই দিয়া ,ক’লা নখ দেখুওৱা আদি বিভিন্ন ঘটনা সংঘটিত কৰি আহিছে অদৃশ্য শক্তিয়ে৷ যোৱা প্ৰায় এটা মাহ ধৰি ঘৰখনত শিল দলিওৱাকে ধৰি বিভিন্ন আক্ৰমণ কৰি অহাত এতিয়া আতংকত দিন অতিবাহিত কৰিছে পৰিয়ালটোৰ লগতে গাওঁবাসীয়ে ৷

অৱশ্যে বিজ্ঞানৰ এই ভৰপক সময়ত এই ঘটনা চ-চক্ষে প্ৰত্যক্ষ কৰাৰ পাছত অন্ধ বিশ্বাস বুলি মানি লবলৈ টান পাইছে গাওঁবাসীৰ লগতে সচেতন মহলেও৷ সম্প্ৰতি সমগ্ৰ ঘটনাকলৈ প্ৰশাসনৰ সহযোগীতা বিচাৰিছে গাওঁবাসীয়ে ৷

Category
Profile picture for user UB Photos