কটন, বন্ধু আৰু আবেগ! আপোনাৰো স্মৃতি আছিল নেকি এই গছজোপাৰ তলত?

Cotton Free

বহু অলিখিত কাহিনীৰ সাক্ষী হৈ ৰোৱা এইজোপা আৰু নাথাকিব।

আজিৰে পৰা অতীত হ’ব সকলো। এই গছজোপা নোহোৱা হোৱাৰ লগে লগে হেৰাই যাব বহু অলিখিত কাহিনী , বহু স্মৃতি, বহু অতীত।

গুৱাহাটীৰ বাসিন্দা নহলেও মহানগৰীলৈ কেতিয়াবা আহিলে কটনৰ সন্মুখত আপুনি হয়তো দেখিছিল এই বৃহৎ গছজোপা। দীঘলীপুখুৰীৰ পাৰেৰে পানবজাৰলৈ যাওতে আপুনি হয়তো ক্ষন্তেক জিৰাইছিল গছজোপাৰ তলত। উৎকত গৰমত, প্ৰখৰ ৰ’দৰ তাপত এই গছজোপাই আছিল ভাগৰুৱা পথিকৰ বাবে  শীতল শেতেলী।

বহু কটনিয়ানৰ বাবে আবেগ, নেহেৰু পাৰ্কলৈ অহা প্ৰেমিক যুগলৰ বাবে চিনাকি ঠিকনা।

এই বিশাল বটবৃক্ষ জোপাৰ তলতে হৈছিল বহু ৰসাল আড্ডা। ৰাজনীতি, সমাজনীতি, সাহিত্য, অৰ্থনীতি আৰু কিহৰ চৰ্চা হোৱা নাছিল এই গছজোপাৰ তলত।

সংস্থাপনৰ পথ বিচাৰি নাপাই দিশহাৰা হৈ পৰা বহুজনক এই গছজোপাই দিছিল জীয়াই থকাৰ বাসনা, কিয়নো সৰু সৰু মানুহৰ সৰু সৰু সপোনবোৰৰ নিৰৱ সাক্ষী আছিল কটনৰ সন্মুখৰ এই বটবৃক্ষ।

আজিৰ পৰা আৰু ক্ষন্তেক জিৰণি ল’ম বুলি পানবজাৰলৈ আহিলে আপুনি নেদেখিব এই বটবৃক্ষ। নেহেৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে কাটি পেলোৱা হ’ব মহানগৰবাসীৰ বহুস্মৃতি বিজৰিত এই বটবৃক্ষ। আৰু তাৰ লগে লগে সামৰণি পৰিব বহু ইতিহাসৰ।

চচিয়েল মিডিয়াত চৰ্চা হৈছে বিভিন্নজনৰ বহু আৱেগ সনা পোষ্ট। বহুজনে স্মৃতি ৰোমন্থন কৰি লিখিলে বহু অভিজ্ঞতা।

আমি আশা কৰিম সিদ্ধান্ত সলনি হওক l ইতিহাসৰ সাক্ষী হৈ থিয় হৈ থাকক এই বটবৃক্ষ l

আপুনি মই নাথাকিলেও এদিন আপোনাৰ মোৰ কথা ক’ব এই গছজোপাই l 

Category
Profile picture for user UB Photos